অসম

শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত জগদুৱাৰ গায়ন গাওঁ প্ৰাথমিক আৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকে পাঠদান কৰি থকা বিষয়টো বাৰম্বাৰ বিভাগক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা। আছুৱে টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ১৮ নৱেম্বৰত শিক্ষা মন্ত্ৰী আৰু যোৰহাট জিলা উপায়ুক্তলৈ বেলেগে বেলেগে স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত বুধবাৰে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই শতাধিক ৰাইজ, অভিভাৱক, শিক্ষাবিদ, বিদ্যালয় পৰিচালনা সমিতি, সাংবাদিকৰ উপস্থিতিত বিদ্যালয় দুখনত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে।

শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেব্ৰবৎ শইকীয়া, সাধাৰণ সম্পাদক পবিত্ৰ বৰা উপদেষ্টা যদুমণি বৰুৱাই এক বিবৃত্তিৰ যোগেদি শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা অজিত বৰা, সভাপতি হেমন্ত বৰা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, টীয়ক প্ৰেছ ক্লাৱৰ সহঃ সম্পাদক সাৰংগপানী শইকীয়া, সদস্য মাধূৰ্য্য বৰা, শিক্ষাবিদ মুহিধৰ বৰা, শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলিপ ভঁৰালী উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

আনহাতে কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে কয়, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ খেলিছে শিক্ষা বিভাগে। যিটো মুহূৰ্তত শিক্ষা ব্যৱস্থাৰ উন্নতি কৰাৰ কথা চৰকাৰী পক্ষই কৈ থাকে তেনে সময়তে চৰকাৰী বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষালৈ আৰু মাত্ৰ এমাহ বাকী থকা অৱস্থাত শিক্ষকৰ অভাৱৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বেচৰকাৰী বিদ্যালয়লৈ যাব লগা হৈছে। ইয়াতকৈ আৰু এইখন চৰকাৰৰ বাবে লাজৰ কথা কি আছে। চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা অৱস্থাই শিক্ষামন্ত্ৰীৰ অক্ষমতাকে বুজাইছে।

ইফালে মৌজাটোৰ এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয় দ গাওঁ প্ৰাথমিক বিদ্যালয়, ৬৫ নং কপিলাচুক প্ৰাথমিক বিদ্যালয়ো এনেদৰে চলি থাকিব লগা হৈছে৷ বিভাগটোৰ চৰম অকৰ্ম্যনতাৰ ফলত ১৭ জন ছাত্ৰ-ছাত্ৰী থকা ৪৩ নং দ গাওঁ ন পমুৱা প্ৰাথমিক বিদ্যালয়ত ৪ জন শিক্ষক আৰু ১২ জন ছাত্ৰ-ছাত্ৰী থকা ভগামুখ দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত ৩ জন শিক্ষকে পাঠদান দি আছে৷ এনে নিয়ম শিক্ষা বিভাগত চলি থকাটো অতি ৰহস্যৰ বিষয় বুলি সম্পাদক গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰিছে৷

উল্লেখ্য যে, ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ পিছতো এজনীয়া শিক্ষকেৰে চলি থকা অন্য বিদ্যালয়সমূহত যদি চৰকাৰে শিক্ষক নিযুক্তিৰ ব্যৱস্থা নকৰে তেন্তে ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদী কায্যসূচী পুনৰ গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।