অসম

চৰকাৰৰ সুমতি বিচাৰি বটদ্ৰৱা থানত শিল্পী সমাজৰ শৰাই নৈবদ্য

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে বুধবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল লুইতপৰীয়া শিল্পী সমাজক। অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান থিয়েটাৰ সুদৰ্শন অভিনেতা নয়ন নিৰ্বান বৰুৱাৰ লগতে লুইতপৰীয়া শিল্পী সমাজৰ শিল্পী সকল একত্ৰিত হৈ জাতীয় সাজ পৰিধান কৰি গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানত উপস্থিত হৈ তেল-বন্তি-নৈবেদ্য শৰাই আগবঢ়াই সেৱা লয়।

শিল্পী সমাজৰ হৈ অভিনেতা নয়ন নিৰ্বান বৰুৱাই চৰকাৰৰ সুমতি বিচৰাৰ লগতে অসমৰ সাম্প্ৰতিক সময়ৰ বাবে শান্তি বিচাৰি কয়, 'এইখন দেশত ধৰ্মৰ কোনো বিভাজন নাছিল, হাই কাজিয়াও নাছিল। সেয়েহে ৰাজপথত প্ৰতিবাদ নকৰি গুৰুজনাৰ আশীষ লৈ আমি চৰকাৰৰ সুমতি বিচাৰিছোঁ।'

লুইতপৰীয়া শিল্পী সমাজৰ হৈ নয়ন নিৰ্বানৰ লগতে সম্পাদক ৰাজীৱ শৰ্মা, জ্যেষ্ঠ শিল্পী হিৰু বৰঠাকুৰ, গুনেন শৰ্মা, মন্তু কাকতি, অমৰেন্দ্ৰ আলেমান, ৰঞ্জন শাণ্ডিল্য, গীতিকা মেধি, জ্যোতি ৰেখা, ৰাজদ্বীপ আৰু প্ৰিঞ্চসহ শতাধিক শিল্পীয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা লয়।