অসম

দৰঙত ৰূপকোঁৱৰৰ স্মৃতিত কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ অসমৰ সাহিত্য সংস্কৃতি জগতৰ উজ্বল নক্ষত্ৰ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত সমগ্ৰ ৰাজ্যই উদযাপন কৰা শিল্পী দিৱসটি দৰং জিলা সাহিত্য সভাই শুকুৰবাৰে ভকত পাৰা শাখা সাহিত্য সভাৰ উদ্যোগত ভকতপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। পুৱা ৮ বজাত স্বাস্থ্য বিভাগৰ অৱসৰী কৰ্মচাৰী শচীন্দ্ৰ চহৰীয়া আৰু গজেন ডেকাৰ পৰিচালনাত পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰে। ৮.৫৫ বজাত ভকতপাৰা শাখা সাহিত্য সভাৰ সভাপতি নায়ক আলী বিশ্বাসে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।

পুৱা ৯.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১০ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ২ বজাত দৰং জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰামচন্দ্ৰ ডেকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। এই সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোহিত চন্দ্ৰ কলিতাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট বোলছবি পৰিচালক হবিবৰ ৰহমানে।

বক্তব্যত ৰহমানে জোতি প্ৰসাদৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি ৪০ বছৰৰ এটি জীৱনে অসমৰ সমাজ জীৱন, সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ যি অবদান আগবঢ়াই থৈ গল তাৰ উদাহৰণ বিশ্বতে বিৰল বুলি বাখ্যা আগবঢ়ায়। মাত্ৰ চল্লিশ বছৰ বয়সতে স্বৰ্গগামী হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা-গীতে এতিয়াও অসমীয়া সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা বুলি ৰহমানে দোহাৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহসী মনৰ উদাহৰণ দিবলৈ গৈ কেনেদৰে জয়মতি বোলছবি নিৰ্মাণ কৰিছিল তাৰ বাখ্যা আগবঢ়ায়।

এই মুকলি সভাতে সাহিত্য অকাডেমি বঁটা বিজয়ী ড০ জয়শ্ৰী গোস্বামী মহন্তক দৰং জিলা সাহিত্য সভাৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে দৰং জিলাৰ বিশিষ্ট ব্যাস সংগীত শিল্পী পৰশুৰাম ডেকা আৰু ৰঘুৰাম চহৰীয়াকো সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত। সভাত জ্যোতি সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা নীহাৰিকা নাথ, জয়দ্বীপ বসুমতাৰী, সুকন্যা দেৱী, চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত 'ক' শাখাৰ দ্বীপান্বিতা বসুমতাৰী, সাগৰীকা বড়ো, ধিতিক প্ৰিয়ম কোঁৱৰ, 'খ' শাখাৰ অনুপমা দেৱী, জুমন ডেকা, মুশ্ৰীমা নাজাৰথি বড়ো, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত 'ক' শাখাৰ জানেন্দ্ৰমনি ডেকা, প্ৰিয়ংকা কলিতা, পৰিস্মিতা কলিতা, 'খ' শাখাৰ মাৰুফা ইয়াচমিন, দিব্যজ্যোতি নাথ, নিহাৰিকা নাথক সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হয়।