কাছাৰত পুনৰ বুজন পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...
কাছাৰত পুনৰ বুজন পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ... 
শিলচৰ

কাছাৰত পুনৰ বুজন পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান আজিও অব্যাহত আছে। যোৱা দুদিনত কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ পিছত মঙলবাৰে পুনৰ সোণাই থানাৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন।

সোণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাত্মা মানস সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোণাই এলেকাৰ গোস্তালাত তালাচী চলাই এখন স্কুটিৰ পৰা জব্দ কৰে হেৰ'ইন ভৰ্তি ২৫টা চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ৩০০ গ্ৰাম হেৰ’ইন।

হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কচুদৰম থানাৰ অন্তৰ্গত হাতিখাল বজাৰৰ জাবিৰ হুছেইন আহমেদ আৰু নুতন কাঞ্চনপুৰৰ মকমদুল আহমেদক গ্ৰেপ্তাৰ কৰে। লগতে হেৰ'ইন জব্দ কৰা এ এছ-১১ডব্লিউ-৯৯৮৪ নম্বৰৰ স্কুটীখনো জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ আনুমানিক মূল্য ডেৰ কোটি টকা বুলি অনুমান কৰা হৈছে।