শিলচৰ

বিএছএফৰ অভিযানত কাছাৰত ৬ টা চোৰাং ম'হ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃকাছাৰৰ ভাৰত- বাংলাদেশ সীমান্তত চোৰাং ম'হৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিএছএফে। গোপন তথ্যৰ ভিত্তিত বুধবাৰে কাছাৰ জিলাৰ কাটিগৰা ভাৰত - বাংলাদেশ সীমান্তৰ বালিচেৰা আৰু পীৰনগৰ এলেকাত অভিযান চলাই ৬ টা চোৰাং ম'হ জব্দ কৰে বিএছ এফে।

বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে দুই স্থানত অভিযান চলাই ম'হ কেইটা জব্দ কৰিবলৈ সক্ষম হয়। বিএছ এফৰ এক সুত্ৰৰ মতে, ম'হ কেইটা বাংলাদেশলৈ গোপনে সৰবৰাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বালিচেৰা আৰু পীৰনগৰ এলেকাত লুকাই ৰখা হৈছিল।অধিক তদন্তৰ বাবে জব্দ কৰা ম'হ কেইটা স্হানীয় গুমৰাহ আৰক্ষী চকীত গতাই দিয়া হয়।

সুত্ৰটোৱে আৰু জানিবলৈ দিয়া মতে, ২০২৪ চনৰ জানুৱাৰীৰ পৰা আজিলৈ বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ বাবে চেষ্টা কৰা ২৯ গৰু ম'হ জব্দ কৰিবলৈ সক্ষম হৈছে বিএছ এফে।