অসম

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল শিলচৰ ৰেল ষ্টেচন…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ দেওবাৰে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল শিলচৰ ৰেল ষ্টেচন সহ শিলচৰ-আগৰতলা যাত্রীবাহী ৰে'ল খন । ষ্টেচনৰ ষ্টেবল লাইনত ৰখাই থোৱা শিলচৰ- ত্রিবান্দম এক্সপ্রেছ ৰেলখনৰ এটা ডবা হঠাতে জ্বলি উঠাত আতংকিত হয় ৰেলখনৰ কাষতে থকা ৰৈ থকা শিলচৰ-আগৰতলা যাত্রীবাহী ৰেলৰ যাত্রী সকল ।

ডবাটো দাউ দাউকৈ জ্বলি উঠাৰ পিচতে হাহাকাৰ লাগে শিলচৰ-আগৰতলা যাত্রীবাহী ৰেলখনৰ যাত্রী সকলৰ মাজত । একাংশ যাত্রীয়ে প্রাণ ৰক্ষাৰ বাবে যেনি তেনি দৌৰি নিৰাপদ দুৰত্বত অৱস্থান গ্রহন কৰে । আনহাতে সৰহ সংখ্যক যাত্রী ৰেলৰ ভিতৰতে থাকিব লগা হয় ।

ইফালে, প্রথমে 14292 নম্বৰ দবাটো জ্বলি উঠাৰ পিচত জুই সম্প্রসাৰিত হৈ কাষৰ পেন্টিকাৰ ডবা আৰু ইয়াৰ পিচত থকা 02221 ডবাটোত জুই জ্বলি উঠে । জুইৰ ভয়ংকৰ প্রাবল্যৰ পিচতে ৰেল বিভাগে প্রথমে যাত্রী থকা শিলচৰ-আগৰতলা যাত্রীবাহী ৰেলখন তিনি নম্বৰ প্লেটফৰ্মৰ পৰা এক নম্বৰ প্লেটফৰ্মলৈ স্থানান্তৰিত কৰে ।

ইয়াৰ পিছতে ৰেলকৰ্মী সকলে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও বিফল হয় । পিচত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন বাহন উস্হিত হৈ জুই নিৰ্বাপন কৰে । ইফালে, জুইত সম্পুৰ্ণ জাহ যায় প্রথমে জুই লগা ডবাটো । আংশিক ক্ষতি হয় আন দুটা দবাও ।


এতিয়া প্রশ্ন হয় কাৰ ভুলৰ বাবে ৰৈ থকা ৰেলখনত জুই লাগিল? ভিতৰৰ পৰা বন্ধ থকা ডবাকেইটাত জুই লগা ঘটনাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে । ৰেলখনৰ দায়িত্বত থকা RPF, GRP আৰু কোছিং ডিপো অফিছাৰ সংক্ষেপে CDO এই তিনিটা বিভাগৰ প্রত্যেকে নিজক বচাবলৈ পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰিছে ৷