অসম

কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ দুদিন পূবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক উপত্যকা ভ্ৰমণ কৰি যোৱাৰ পিছতে শুকুৰবাৰে নিশা অবৈধ সাৰৰ বিৰুদ্ধে অভিযান চলালে আৰক্ষীয়ে৷ আৰক্ষীৰো সাধাৰণ বিষয়া নহয়, স্বয়ং দক্ষিণ অসমৰ আৰক্ষীৰ উপ মহা পৰিদৰ্শক প্ৰশান্ত দত্তৰ নেতৃত্বত চলিল সাৰৰ বিৰুদ্ধে অভিযান৷ শিলচৰ ৰামনগৰস্হিত আইএছবিটিৰ এলেকাত নিশা বিশাল বাহিনী লৈ আৰক্ষীৰ উপ মহা পৰিদৰ্শকগৰাকীয়ে অভিযান চলাই মুঠ ২৮ খন সাৰভৰ্তি ট্ৰাক জব্দ কৰে৷

আইএছবিটিৰ গাতে লাগি থকা এটি গুডামত মজুত কৰিবলৈ অনাৰ সময়তে সাৰভৰ্তি ট্ৰাক কেইখন জব্দ কৰে আৰক্ষীয়ে৷ ইফালে, আৰক্ষীক দেখা মাত্ৰকে ট্ৰাক কেইখনৰ চালক আৰু গুডামটোৰ কৰ্মচাৰী সকলে পলায়ণ কৰে৷ আৰক্ষীয়ে সাৰভৰ্তি ট্ৰাক কেইখন পৰীক্ষা কৰি সাৰৰ কোনো বৈধ নথি পত্ৰ নাপালে৷ ইয়াৰ পিছতে ট্ৰাক কেইখন বাজেয়াপ্ত কৰা হয়৷ শনিবাৰে বাজেয়াপ্ত কৰা ট্ৰাক কেইখন শিলচৰস্হিত পুলিছ পেৰেড গ্ৰাউণ্ডলৈ স্হানান্তৰিত কৰা হয়৷

নিশাৰ অন্ধকাৰত সাৰবোৰ কোনে ক'ৰ পৰা শিলচৰলৈ আনিছিল তাৰ কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ দিছপুৰৰ আশীৰ্বাদ পুষ্ট বৰাকৰ এটি শক্তিশালী চিণ্ডিকেট বাহিনীয়ে এই সাৰবোৰ ম্যানমাৰলৈ ৰপ্তানি কৰাৰ উদ্দেশ্যেৰে শিলচৰলৈ অনা বুলি সন্দেহ কৰা হৈছে৷ এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত বৰাকত এই সাৰ চিণ্ডিকেট চলিছে? কোনে ৰামনগৰৰ এই গুডামটোত হাজাৰ হাজাৰ মেট্ৰিকটন সাৰ মজুত কৰিছে? কয়লা, চুপাৰি আৰু সাৰ চিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ পিছতো কাৰ নেতৃত্বত বৰাকত চলিছে এই আন্তঃৰাষ্ট্ৰীয় সাৰৰ চিণ্ডিকেট? ইফালে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকা ভ্ৰমণ কৰি যোৱাৰ পিছতে স্বয়ং আৰক্ষীৰ উপ মহা পৰিদৰ্শকে ২৮ খন সাৰভৰ্তি ট্ৰাক বাজেয়াপ্ত কৰা বিষয়টো ৰহস্য জনক বুলি মন্তব্য কৰিছে বৰাকবাসীয়ে।