অসম

শিলচৰত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ আটক দুজনক…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে জব্দ কৰে ৩১ টা ড্ৰাগছ ভৰ্তি এম্পুল। শিলচৰ সদৰ থানাৰ গাতে লাগি থকা পানী টেংকি এলেকাৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি৷

গ্ৰাহকৰ ওচৰত ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে শিলচৰৰ ৰাইডিং আৰক্ষীয়ে হাতে লোটে জব্দ কৰে ৩১টা ড্ৰাগছৰ এম্পুল৷ ড্ৰাগছৰ সৈতে ড্ৰাগছ বিক্ৰী কৰা কাজল বৈষ্ণৱ আৰু হিৰণ আহমেদক আটক কৰে আৰক্ষীয়ে৷