অসম

শিলচৰত কেবা লক্ষাধিক টকাৰ ম্যানমাৰৰ নিচা জাতীয় টেবলেট জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ গোপন তথ্যৰ ভিত্তিত বিএছএফ আৰু আৰক্ষীয়ে বৃহস্পতিবাৰে শিলচৰত বুজন পৰিমাণৰ নিচা জাতীয় টেৱলেট জব্দ কৰে ৷ মিজোৰামৰ পৰা শিলচৰলৈ অহা MZ01- 8519 নম্বৰৰ স্কৰপিঅ' খন অনুসৰন কৰি বিএছএফ আৰু শিলচৰ আৰক্ষীৰ যুটীয়া দলটোৱে নিচাযুক্ত টেৱলেট খিনি জব্দ কৰে ৷

শিলচৰ চাৰ্ছ ৰোডত থকা এটি গীৰ্জাত প্ৰৱেশ কৰিবলৈ লওতেই অভিযান কাৰী দলটোৱে স্কৰপিও খন ৰখাই তালাচী চলায় ৷ তালাচীৰ সময়ত দলটোৱে স্কৰপিও খনত থকা এটি বেগৰ পৰা ১৯৮ পেকেট ম্যানমাৰত প্ৰস্তুত কৰা টেবলেট উদ্ধাৰ কৰে ৷ WY অৰ্থাত, 'ৱৰ্ল্ড ইজ ইয়ৰ্ছ ' নামৰ টেৱলেটৰ পেকেট সমুহৰ পৰা মুঠ ৩৯,৬২১টা টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

মিজোৰামৰ পৰা শিলচৰলৈ অনা বুজণ পৰিমাণৰ এই টেৱলেট খিনিৰ মূল্য কেবা লাখ টকা হব বুলি বিএছএফৰ এক সুত্ৰই সদৰি কৰে ৷ টেৱলেট খিনিৰ সৈতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হয় ৷ ধৃত লোক জনৰ নাম ৰাজেন প্ৰধান ৷ ৰাজেনৰ ঘৰ কাছাৰৰ হৰিনগৰত ৷ ধৃত লোক জনে ড্ৰাগছখিনি তেওঁ অনা বুলি দাবী কৰিছে ৷ সম্প্ৰতি শিলচৰ থানাত ড্ৰাগছ সৰবৰাহ কৰা লোক জনক জেৰা কৰি থকা হৈছে ৷