অসম

অব্যাহত আছে কয়লাৰ চোৰাং বেহাঃ এইবাৰ জব্দ হ’ল জি এছ টি ফাকিৰে মেঘালয়ৰ পৰা শিলচৰলৈ অহা কয়লা ভৰ্তি ট্ৰাক…

asomiyapratidin

ডিজিটেল সংবাদ শিলচৰ: মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চোৰাং কয়লাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিচতো বৰাকত আজিও অব্যাহত আছে মেঘালয়ৰ কয়লাৰ চোৰাং ব্যৱসায় ৷ জি এছ টি ফাকি দি কাছাৰত প্ৰবেশ কৰা এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জি এছ টি বিভাগে জব্দ কৰাৰ পিচত এই কথা প্ৰমানিত হৈছে ৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰস্থিত জি এছ টি সহআয়ুক্তৰ কাৰ্যলয়ৰ দল এটাই বুধবাৰে শিলচৰ ৰংপুৰৰ পৰা চোৰাং কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷

এ এছ ১১ চি চি ৫৪৭৬ নম্বৰৰ ট্ৰাক খনত জি এছ টি ফাকি দি প্ৰায় ৩৫ টন কয়লা ৰংপুৰলৈ আনিছিল কয়লা মাফিয়াই ৷ সম্প্ৰতি জি এছ টি কাৰ্যলয়ত জব্দ কৰি ৰখা হৈছে ট্ৰাকখন ৷ ট্ৰাকখনত প্ৰায় চাৰে চাৰি লাখ টকাৰ কয়লা থকা বুলি অনুমান কৰা হৈছে ৷ ট্ৰাকৰ সৈতে ট্ৰাকৰ চালক আব্দুল ওহাব বৰভুঞাকো আটক কৰা হৈছে ৷ ইফালে, মেঘালয় সীমান্তৰ দিগৰখালত পৰিবহন, বিক্ৰীকৰ আৰু আৰক্ষীৰ কম্বাইট তালাচী চকী থকাৰ পিচত কেনেকৈ কয়লা ভৰ্তি ট্ৰাক খন শিলচৰলৈ আহিল সেয়া হৈছে ৰহস্য জনক ৷