অসম

৩৫০০ টকাৰ বাবে এমাহতে কেইবাবাৰো কৰে ৰক্তদান, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোমবাৰে পুনৰ এজনক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত বিভিন্ন দুৰ্নীতিৰ অভিযোগত অধীক্ষক সহ কেবাজনো কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পিচতো একাংশ দালালৰ অতপালি কমা নাই৷ বিশেষকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল খনৰ ব্লাড বেংকত আজিও সক্ৰিয় হৈ আছে ৰক্তদান কৰা দালালৰ এটি বৃহৎ চক্ৰ৷ এমাহৰ ভিতৰত তিনিবাৰ তেজ বিক্ৰী কৰিবলৈ আহি হাতেলোটে এজন দালাল আটক হোৱাৰ পিচতে এই ঘটনা পোহৰলৈ আহে।

যোৱা তিনি আৰু চৈধ্য জুলাইত ৰক্তদান কৰা এজন দালালে সোমবাৰে পুনৰ ৰক্তদান কৰিবলৈ আহি ব্লাডবেংকত ধৰা পৰে৷ ব্লাডবেংকৰ কম্পিউটাৰত মজুত ৰখা ডাটাবেজ তথ্যৰ ভিত্তিত ব্লাডবেংক কতৃপক্ষই আটক কৰে আবু দাস নামৰ এজন তেজ বিক্ৰী কৰা দালালক৷ যোৱা তিনি জুলাইত ৰাজুদেৱ বাৰ্মা নামেৰে ৰক্তদান কৰাৰ পিচত একে জন দালালে যোৱা ১৪ জুলাইত আবু দাস নামেৰে পুনৰ ৰক্তদান কৰিছিল ব্লাডবেংকত। সোমবাৰে পুনৰ ৰক্তদান কৰিবলৈ ধৰোতে হাতে লোটে ধৰা পেলায় শিলচৰ চিকিৎসা মহাবিদ্যালয় কতৃপক্ষই।

এজন ৰোগীক তেজ বিক্ৰী কৰাৰ বাবে দালাল জনে চাৰে তিনি হাজাৰ টকা লোৱা বুলি ইতিমধ্যে ব্লাডবেংক কতৃপক্ষৰ জেৰাত স্বীকাৰো কৰিছে৷ ইফালে, তেজ ক্ৰয় কৰাৰ বিনিময়ত চাৰে তিনি হাজাৰ টকা আদায় দিয়াৰ তথ্যও সদৰী কৰে ৰোগীৰ এজন অভিভাৱকে৷ পিচত হাতেলোটে সকলো তথ্য পোৱাৰ পিচত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃপক্ষই ধৃত আবু ওৰফে ৰাজুৰ বিৰুদ্ধে ঘুংগুৰ থানাত এটি গোচৰ ৰুজু কৰে৷ গোচৰৰ ভিত্তিত ঘুংগুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালাল জনক৷

উল্লেখ্য যে, ৰোগীৰ ওচৰত উচ্চদৰত তেজ বিক্ৰী কৰা এনে দুজন লোকক দহ দিন পূৰ্বে আটক কৰি আৰক্ষীক চমজাই দিছিল শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃপক্ষই৷ এই দুজন দালালেও তেজ বৃদ্ধিৰ ঔষধ সেৱন কৰি শৰীৰত কৃত্ৰিম তেজ উৎপাদন কৰি এমাহৰ ভিতৰতে দুবাৰকৈ তেজ বিক্ৰী কৰিছিল৷ ষ্মৰ্তব্য যে দীৰ্ঘদিন ধৰি ৰক্তদানৰ এটি বৃহৎ ছিণ্ডিকেটে ৰাজত্ব চলাই আহিছিল ব্লাডবেংকত৷

এই ছিণ্ডিকেটৰ ছত্ৰছায়াত একেজন লোকে মাহত দুই তিনিবাৰ ৰোগী সকলক উচ্চদৰত তেজ বিক্ৰী কৰি আহিছিল শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাডবেংকত৷ সম্প্ৰতি নৱ নিযুক্ত অধ্যক্ষ, অধীক্ষক আৰু ব্লাডবেংকৰ নতুন দায়িত্বপ্ৰাপ্ত বিষয়া সকলে এই তেজ বিক্ৰী কৰা দালাল চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হৈছে৷ তেজ বিক্ৰী কৰা দালাল সকলক চিনাক্তকৰণ কৰাৰ উদ্দেশ্যে ব্লাডবেংকৰ কম্পিউটাৰত ডাটাবেজ তথ্য সংগ্ৰহ কৰে ব্লাডবেংক কতৃপক্ষই৷ ইয়াৰ পিচতো বন্ধ হোৱা নাছিল তেজ বিক্ৰী কৰা দালাল চক্ৰটোৰ কাম-কাজ৷ সোমবাৰৰ ঘটনাই পুনৰ দালালৰ সক্ৰিয়তাৰ কথা প্ৰতিপন্ন কৰিলে৷