অসম

কাছাৰত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ জিলাত নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ১৭ বছৰীয়া এজন কিশোৰৰ। ধলাই সমষ্টিৰ ৰুকনি নদীত দুজন বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল জীবন গ্রামৰ তিনি কিশোৰ। নদীত সাতুৰি থকা অবস্হাত হঠাতে পানীত ডুব যায় ১৭ বছৰীয়া কিশোৰ অসীম বর্মন।

লগৰ বন্ধু দুজনে তেওঁক উদ্ধাৰৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। পিছত পৰিয়ালৰ লোকে খবৰ পাই এছ ডি আৰ এফ আৰু ধলাই আৰক্ষীক খবৰ দিয়ে। বুধবাৰে সংঘটিত এই ঘটনাৰ পিচত সন্ধিয়া এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও আন্ধাৰৰ বাবে অসীমৰ কোনো শুংসুত্র উলিৱাব নোৱাৰিলে। বৃহস্পতিবাৰে পুনৰ অভিযান চলাই পানীৰ তলত অসীমৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে।