অসম

৩০ অক্টোবৰত শিলচৰত দুৰ্ঘটনা সংঘটিত ট্ৰাকখনত থকা চোৰাং আফুগুটিৰ আঁৰত কংগ্ৰেছ নেতাঃ উপাধ্যক্ষ আমিনুল হকৰ বিস্ফোৰণ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ যোৱা ্৩০ অক্টোবৰত শিলচৰ মেহেৰপুৰত দুগৰাকী যুৱতীক খুন্দিয়াই নিহত কৰা ঘাটক ট্ৰাক খনত থকা চোৰাং আফুগুটিৰ গৰাকী এগৰাকী কাছাৰ জিলা কংগ্ৰেছ নেতা ৷ এই কংগ্ৰেছী নেতা জনৰ পৃষ্টপোষকতাত ঘটনাৰ দিনা ট্ৰাক খনত প্ৰেৰণ কৰা হৈছিল চোৰাং আফুগুটি ৷ এই বিস্ফোৰক মন্তব্য বিধান সভাৰ উপাধ্যক্ষ তথা সোণাইৰ বিধায়ক আমিনুল হক লস্কৰৰ ৷

যোৱা ৩০ অক্টোবৰত NL- 01K – 9741 নম্বৰৰ ট্ৰাক খনৰ খুন্দাত নিহত হোৱা সোনালী দাস আৰু পম্পী দে ৰ পৰিয়ালক ২ লাখ টকাৰ চৰকাৰী সাহায্য প্ৰদান কৰি এই মন্তব্য কৰে আমিনুল হক লস্কৰে ৷ শিলচৰৰ সাংসদ ডা: ৰাজদীপ ৰয়ৰ সৈতে মঙলবাৰে দুৰ্গাপল্লীৰ দুৰ্ভগীয়া পৰিয়াল দুটাৰ ঘৰলৈ গৈ চৰকাৰী সাহায্য প্ৰদান কৰি আমিনু হক লস্কৰে লগতে কংগ্ৰেছক তীব্ৰ সমালোছনা কৰে ৷

বৰ্তমান কংগ্ৰেছৰ হাতত কোনো ইছ্যু নাই বুলি দাবী কৰি আমিনুল হক লস্কৰে কয় যে কংগ্ৰেছে এতিয়া পম্পী আৰু সোনালীৰ মৃতদেহ লৈ ৰাজনীতি কৰিছে ৷ মৃতদেহৰ মূখ পৰিয়ালৰ লোকক চাব নিদি শ্মশানলৈ নিয়া বুলি কংগ্ৰেছে উত্থাপন ৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত আমিনুলে এইদৰে কংগ্ৰেছক আক্ৰমণ কৰে ৷

আমিনুল হক লস্কৰৰ অভিযোগ যদি সচা হয়, তেন্তে ম্যানমাৰৰ পৰা ভাৰতত আমদানি কৰা এই কোটি টকীয়া চোৰাং পোস্ত ব্যৱসায়ৰ সৈতে কাছাৰ জিলা কংগ্ৰেছৰ নেতা জৰিত, সেয়া তদন্তত পোহৰলৈ আনিব পাৰিব নে কাছাৰ আৰক্ষীয়ে, বৰ্তমান তালৈ বাট চাইছে কাছাৰ বাসীয়ে ৷