অসম

ৰঙিয়া আক্ৰাছুৰ চিলাৰায় দিৱস পালন

asomiyapratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ৰঙিয়াতো আক্ৰাছুৰ ৰঙিয়া মহকুমা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ৰঙিয়া মহকুমাৰ অন্তৰ্গত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাগৃহত আয়োজন কৰা হয় এই চিলাৰায় দিৱসৰ। পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমা কোঁচ-ৰাজবংশী ছাত্র সন্থাৰ উপদেষ্টা অনিল মেধিয়ে। পতাকা উত্তোলন কৰাৰ পিছতে কোঁচ-ৰাজবংশী মহিলাসকলে সমবেত সংগীত পৰিবেশন কৰে।

আনহাতে বিশ্ব মহাবীৰ চিলাৰায়ৰ অলোক চিত্ৰত মাল্যৰ্পণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক কৰুণা দাসে। ইয়াৰ  লগতে কোঁচ-ৰাজবংশী লোকসকলক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনজাতিকৰণৰ নামত কৰা বাৰাম্বাৰ প্ৰতাৰণাৰ বিৰুদ্ধে অনুষ্ঠানটোৰ মুখ্য অতিথি বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে গৰজি উঠে।

বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিৰ সন্মুখত থিয় হৈ শপথ খাই ৰাজ্য চৰকাৰ খনক সকিয়াই কয় যে, কোঁচ-ৰাজবংশীসকলক প্ৰতাৰণা কৰি চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰে। জনজাতিকৰণ নহলে কোঁচ-ৰাজবংশীসকলক ৰাজপথত নমাৰ পৰা কোনেও বাধা দিব নোৱাৰে আৰু আৰু ইয়াৰ কুফল চৰকাৰে ভুগিবই লাগিব।

অনুষ্ঠানটোত অংশগ্ৰহন কৰে অধিবক্তা বাবু জিয়াউল হক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া জিলাৰ সম্পাদক চিৰাজ আলি, যুৱ সমাজ কৰ্মী অংশুমান শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।