অসম

আমলেট খাওঁতে সাৱধান! চাওঁক এই VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ প্লাষ্টিকৰ কবী, প্লাষ্টিকৰ আলু, চাউলৰ দৰে খাদ্য বজাৰত উপলব্ধ হোৱাৰ সঘন ঘটনাই বিভিন্ন প্ৰান্তত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ চিলাপথাৰতো উদ্ধা হ'ল প্লাষ্টিকৰ কণী। আশ্চৰ্যকৰ কথাটো হ'ল এজন সাংবাদিকে কণী খাবলৈ যোৱাৰ সময়তে ফাদিল হ'ল এই মাৰাত্মক ঘটনাটো। ঘটনাৰ বিবৰণী অনুসৰি চিমেন চাপৰিৰ সাংবাদিক বৃষ্টি পাংগিঙে দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পৰিয়ালৰ সৈতে ডিমৌ দৈনিক বজাৰত বজাৰত কৰি কিবা এটা খাবলৈ বুলি অতিৰঞ্জন দাসৰ হোটেলত সোমায়।

হোটেলত মটৰ (ঘূগুনী)ৰ সৈতে কণী খাবলৈ হোটেলখনত বহে৷ ব্যবসায়ী গৰাকীয়ে গ্ৰাহকৰ ফৰমাইচ মতে দুটা কণীৰ আমলেট পৰিবেশন কৰে৷ ইপিনে সাংবাদিক গৰাকীয়ে খাব লওঁতেই আমলেটত প্লাষ্টিকৰ সৰু সৰু সূতা মেৰ খাই থকা প্ৰত্যক্ষ কৰি ব্যবসায়ী গৰাকীক দেখুৱাই দিয়াত প্ৰত্যক্ষদৰ্শী তথা ব্যবসায়ী আশ্চৰ্য প্ৰকাশ কৰি তেওঁ অজ্ঞতা প্ৰকাশ কৰে। ঘটনাটো ৰাইজে জানিব পাৰি প্ৰায় শতাধিক ৰাইজ গোট খাই তন্ন-তন্নকৈ পৰীক্ষা কৰি কণীটো প্লাষ্টিকৰ বুলি নিশ্চিত কৰে।

ইপিনে ৰাইজে উক্ত কণীৰ প্লেটখনৰ পৰা আৰু এটা কণী আমলেট বনাই পৰীক্ষা কৰাত উক্ত কণীটোও প্লাষ্টিকৰ আবৰন থকা ষ্পষ্ট হৈ পৰে৷ উক্ত কণীৰ প্লেটবোৰ চিলাপথাৰ ৰে'লৱে ক্ৰচিঙৰ সিপাৰৰ এখন কণী পাইকাৰী দোকানৰ ব্যবসায়ীৰ পৰা অনা বুলি কণী বিক্ৰেতা গৰাকীয়ে ৰাইজৰ আগত সদৰি কৰে৷ ইপিনে খাদ্যৰ নামত বিহৰ যোগান ধৰা ব্যৱসায়ীক কৰায়ত্ব কৰি তদন্তৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।