অসম

আকৌ বোমা বিস্ফোৰণ ঘটাবলৈ পৰেশ বৰুৱাক আহ্বান বিধায়ক শিলাদিত্যৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিৰ্তকিত মন্তব্যৰে সততে চৰ্চিত হোৱা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে এইবাৰ প্ৰত্যাহ্বান জনালে পৰেশ বৰুৱাক। শনিবাৰে গুৱাহাটীৰ পাণবজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণক লৈ হোজাইৰ বিধায়ক গৰাকীয়ে প্ৰদান কৰে আন এক বিৰ্তকিত মন্তব্য।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনাই বিধায়কজনে বিহু, দুৰ্গাপুজাৰ বাদে আন উৎসৱতো বোমা বিস্ফোৰণ কৰি দেখুৱাবলৈ দাবী জনায়।

ধুবুৰীত সংবাদমাধ্যমৰ সন্মুখত শিলাদিত্যই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয়টোত কিয় নিমাতে আছে বুলিও পৰেশ বৰুৱাক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে।

বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এজন জনপ্ৰতিনিধি হিচাপে এনে মন্তব্য প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে।