অসম

অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন…

asomiyapratidin

ডিজিটেল সংবাদ শিৱসাগৰঃ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা কা বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক অসুস্থতাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থতা অনুভৱ কৰা বাকপটু নেতাজনক আজি পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল ৷

চিকিৎসকে পৰীক্ষাৰ অন্তত যুৱ নেতা জনক আই চি ইউত ভৰ্তি কৰাই সুক্ষ্ম নিৰীক্ষণ অব্যাহত ৰখাৰ লগতে ৰোগ বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা অব্যাহত ৰখাৰ বাতৰি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে ৷ ইতিমধ্য শৃংখল চলিহাৰ অসুস্থতাৰ সংবাদ বিয়পি পৰাৰ পিছতেই সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে গুণ মুগ্ধ সকলে চিকিৎসালয়ত ভিৰ কৰিছে ৷চিকিৎসালয়ৰ এক সূত্ৰ মতে নেতা গৰাকী বৰ্তমান বিপদমুক্ত যদিও কিছু জিৰণীৰ প্ৰয়োজনীয়তা থকাৰ কথা সদৰী কৰিছে ৷