অসম

এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ….

asomiyapratidin

ডিজিটেল ডেস্ক : অসম আৰক্ষী উপৰিদৰ্শক পদৰ চাকৰিৰ ৰমৰমীয়া বজাৰ বহাইছে একাংশই । একো একোটা পদৰ বাবে দাম উঠিছে ১০ লাখ টকা পৰ্যন্ত । ২০ ছেপ্টেম্বৰৰ পৰীক্ষা বাতিল হোৱা পিছত অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

সেই মহিলা গৰাকীৰ সৈতে আৰু কেইজন মান লোকে এছআই পৰীক্ষাৰ নামত প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ আভিযোগ উত্থাপন হৈছে বুলি জানিব পৰা গৈছে । ইফালে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বোৰ্ডে চিআইডিত এক গোচৰ ৰুজু কৰিছে । বোৰ্ডে জানিব দিয়া মতে প্ৰশ্ন কাকত ফাদিল হোৱা বাবে বাতিল হোৱা এই পৰীক্ষা পুনৰ এমাহৰ ভিতৰত অনুষ্ঠিত কৰিব ।