অসম

বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০ ছেপ্টেম্বৰত অসম ৰাজ্যিক আৰক্ষী নিযু্ক্তি বৰ্ডে অনুষ্ঠিত কৰা আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষা বাতিল কৰা হৈছিল প্ৰশ্নকাকত ফাদিল হোৱা বাবে । ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰশ্নকাকত কেনেকৈ পৰীক্ষাৰ্থীৰ হাতলৈ গ'ল এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত তদন্তত নামি পৰিছে চিআইডি।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে দাখিল কৰিছিল চিআইডিৰ ওচৰত এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত চিআইডিয়ে অনুসন্ধান কৰি পোহৰলৈ আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য।

জানিব পৰা মতে, ২০১৮চনতেই উপ পৰিদৰ্শকৰ এই পদসমূহত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল । সেই অনুসৰি দুবছৰৰ পাছত অৰ্থাৎ ২০২০ বৰ্ষৰ ২০ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষা। পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল খোদ এই বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ পত্নীয়ে।

উল্লেখযোগ্য যে, প্ৰদীপ কুমাৰৰ পত্নী দিল্লী পাব্লিক স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। ইফালে, এই প্ৰশ্নকাকত ছপাৰ দায়িত্ব দিয়া হৈছিল বিজেপিৰ এজন নেতাক। দীৱন ডেকা নামৰ লোকজনক প্ৰশ্নকাকত ছপাৰ দায়িত্ব দিছিল আৰক্ষী নিযুক্তি বৰ্ডে।

অনুসন্ধান কৰি জানিব পৰা মতে, দীৱন ডেকাৰ নাছিল কোনো নিজা ছপাশাল। সাধাৰণতে এনে পৰীক্ষাৰ প্ৰশ্নকাকত অতি গোপনীয়ভাৱে ছপা কৰা হয়। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱা এই এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত সাধাৰণ ভাৱেই ছপাৰ দায়িত্ব দি দিয়া হৈছিল এজন বিজেপি নেতাক।

এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছিল বাহিৰৰ এজেঞ্চীক। কাল্টন, এমেইনটেক কলছালটেড প্ৰাইভেট লিমিটেড আৰু অক্ষয় টেলিকম কমিউনিকেশ্যনক দিয়া হৈছিল এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব।

চিআইডিয়ে এই অনুসন্ধানত কি তথ্য লাভ কৰে সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। এই কথা ঠিক যে, এছ আই পৰীক্ষাৰ নামত অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰে বহু বেমেজালি পোহৰলৈ আহিছে। নিজেই অধ্যক্ষ হৈ পত্নীৰ দ্বাৰা প্ৰশ্নকাকত প্ৰস্তুত কৰা আৰু বিজেপিৰ নেতা জৰিয়তে সেই প্ৰশ্নকাকত ছপা কৰাৰ খবৰে এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।