অসম

ৰক্ষক নে ভক্ষক! থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতন আৰক্ষী বিষয়াৰ, গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। শিৱসাগৰ সদৰ থানাৰ ভিতৰতে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

শিৱসাগৰ থানাৰ উপ-পৰিদৰ্শনকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। উপ-পৰিদৰ্শক গৰাকীৰ নাম ৰিপজ্যোতি দলে। অভিযোগ অনুসৰি থানাৰ ভিতৰতে যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল উপ-পৰিদৰ্শকগৰাকীয়ে।

ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে। এজাহাৰৰ ভিত্তিত উপ-পৰিদৰ্শক দলেক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আদালতত হাজিৰ কৰাই জে’ললৈ প্রেৰণ কৰিছে অভিযুক্ত উপ-পৰিদৰ্শকগৰাকীক।

আৰু পঢ়ক: প্ৰথমে যুৱতীক গাড়ীৰে খুন্দা, পিছত উদণ্ড যুৱকে চুচৰাই নিলে কেইবা কিলোমিটাৰ, মৃত্যু