অসম

কম সময়ৰ ভিতৰতে কাৰণ দৰ্শোৱাৰ জাননী অংকিতা দত্তলৈ, দলৰ পৰা বহিষ্কাৰ কৰাৰ সম্ভাৱনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। অতি কম সময়ৰ ভিতৰতে উত্তৰ বিচাৰি জাননী দলটোৰ।

সভাপতিয়ে দায়িত্ব লোৱাৰ পিছতো আৰক্ষীৰ কাষ চাপিছিল অংকিতা। কংগ্ৰেছ নেত্ৰী অংকিতাৰ কাৰ্যই দল আৰু সভাপতিৰ প্রতি আস্থা নথকা সূচাইছে বুলি মন্তব্য দলটোৰ।যথোচিত উত্তৰ নাপালে কংগ্রেছৰ পৰা বহিষ্কাৰৰ সম্ভাৱনা অংকিতা দত্তক।

উল্লেখ্য যে, ইণ্ডিয়ান য়ুথ কংগ্ৰেছৰপ ৰাষ্ট্ৰীয় সভাপতি শ্রীনিবাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই। শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰো দাখিল কৰিছিল অংকিতাই।