অসম

বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

asomiyapratidin

ডিজিটেল ডেস্কঃ বহু বিতৰ্কিত আৰু বহুবল্কী বিধায়ক শিলাদিত্য দেবে এৰিছে বিজেপি। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজিপৰ সভাপতি ৰঞ্জিত দাসলৈ ইতিমধ্যে তেওঁ কৰিছে পদত্যাগ পত্ৰ। দলীয় ভিতৰচ'ৰাত হোৱা খাম খেয়ালিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিধায়ক গৰাকীয়ে প্ৰচাৰ চলালেও দলীয় ভিতৰচ'ৰাত বিধায়কগৰাকীৰ ভূমিকাকলৈ ইতিপূৰ্বেই সৰৱ চৰ্চা চলিছিল।

আনকি চ'ছিয়েল মিডিয়াতো বিধায়কগৰাকীয়ে নিজ দলৰ একাংশ নেতাৰ বিৰুদ্ধে ইঙ্গিতপূৰ্ণভাৱে কিছু মন্তব্য কৰাও দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতিত শাসকীয় পক্ষৰ এই বিধায়ক গৰাকীয়ে দল এৰাৰ এই সিদ্ধান্তই বিজেপিৰ ভিতৰচ'ৰাত দলীয় অসন্তোষ্টীয়ে কি ৰূপ ধাৰণ কৰিছে তাৰেই এখন ছবি দাঙি ধৰে।

আনুষ্ঠানিকভাৱে বিজেপি এৰাৰ কথা ঘোষণা কৰিব ১৪ আৰু ১৫ জুলাইৰ ভিতৰত। হোজাই জিলাৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাকে ধৰি বিধায়ক গৰাকীয়ে দলটোৰে আন এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।