অসম

সৰুক্ষেত্ৰী হাইস্কুলত বান শিবিৰত বন্যাৰ্তক অসহযোগ প্ৰধান শিক্ষকৰ! বন্যাৰ্তই ভাঙিলে শৌচাগাৰৰ তলা…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ জলপ্ৰলয়ে সৰ্থেবাৰী অঞ্চলত লৈছে সংহাৰী ৰূপ। আৰু এই সময়তে বন্যাক্ৰান্তক আশ্ৰয় ল'বলৈ দিয়া নাই বনিয়াকুছিস্থিত সৰুক্ষেত্ৰী হাইস্কুলৰ প্ৰধান শিক্ষকে। যাৰ বাবে এতিয়া ক্ষোভিত বন্যাৰ্তই ভাঙিলে শৌচাগাৰৰ তলা ।

বিগত পাঁচ দিন ধৰি বানত জুৰুলা হোৱা ৰাইজে এতিয়া মলমূত্ৰ ত্যাগ কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সম্মূখীন হ'ব লগা হৈছে । ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী হোৱা এই লোকসকলে বৃহস্পতিবাৰে উপায়হীন হৈ হাইস্কুলত আশ্ৰয় লৈ প্ৰধান শিক্ষক ধীৰেণ ডেকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি তলা ভাঙি দিয়ে।আনকি বিদ্যালয়ৰ কোঠাৰ দুৱাৰ খুলি নিদিয়াৰো অভিযোগ কৰে বন্যাৰ্তই ।

চৰকাৰীভাবে কোনো ধৰণৰ সহায় নোপোৱাৰ উপৰিও ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে এই বিদ্যালয়ত বানপীড়িত সকলৰ বাবে এটি দমকল দিয়াৰ ব্যৱস্থাও কৰিবলৈ পৰা নাই বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগে।স্থানীয় যুৱক বিমল ডেকাৰ তৎপৰতাত বানপীড়িত ৰাইজে দমকলৰ ব্যৱস্থা কৰি লয়।