অসম

জেহাদী সংগঠন হিজবুল মুজাহিদীনৰ আচল মাষ্টাৰ মাইণ্ড শ্বাহনাৱাজ আলম

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত ভয়ংকৰ কূটাঘাতৰ জাল মেলিছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে। হোজাইৰ লগতে ৰাজ্যখনৰ অন্য জিলাতো মুজাহিদীনে ভিতৰি ভিতৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছিল।

জেহাদী সংগঠনটোৰ মূল গুৰি ধৰোতা কামৰুজ জামান বুলি ভাবি থকা সময়তে পোহৰলৈ আহিছে নতুন তথ্য। সমগ্ৰ জেহাদী সংগঠনটোৰ আচল গুৰি ধৰোতাজন শ্বাহনাৱাজ আলমহে।

জানিব পৰা মতে, নিশা ১২-১বজালৈ কামৰুজ জামানৰ লগতে বাহিৰত একেলগে থাকিছিল দুয়ো। ইতিমধ্যে আৰক্ষীয়ে শ্বাহনাৱাজ আলমৰ লগতে ছাইদুৰ আলম আৰু ওমৰ ফাৰুকক। যমুনামুখত শ্বাহনাৱাজে খুলিছিল এটা লেব। য'ৰ পৰা মেলি দিছিল জেহাদী সংগঠনটোৰ জাল সমগ্ৰ অসমত।