অসম

চাৰ্ভিচ ৰিভালভাৰে গুলীয়াই আত্মহত্যা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ….

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত অঘটন। চাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াই আত্মহত্যা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিংগীয়াৰ। নিজ কোৱাটাৰতে আত্মহত্যা আৰক্ষী বিষয়াজনৰ।

তিনিদিন পূৰ্বে ভাৰপ্ৰাপ্ত বিষয়া হিচাপে জইন কৰিছিল আৰক্ষী চকীত ভূপেন দিহিংগীয়াই। আৰক্ষী বিষয়াজনৰ ঘৰ লখিমপুৰত। জানিব পৰা মতে চেলেংহাট আৰক্ষী চকীতে দুপৰীয়াৰ আহাৰ গ্ৰহন কৰি খন্তেক জিৰণি লবৰ বাবে নিজ কোৱাটাৰলৈ আহিছিল বিষয়াজন।

নিজ কোঠাত সোমাই দুৱাৰ- খীৰিকি বন্ধ কৰাৰ পিছত আত্মহত্যা কৰে বিষয়াজনে।বহু সময় ফোন ৰিচিভ নকৰাত আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দুৱাৰ ভাঙি উদ্ধাৰ কৰে তেওঁৰ মৃতদেহটো।জানিবপৰা মতে মৃত্যুৰপূৰ্বে এক চুইচাইড নটযোগে লিপিবদ্ধ কৰি যায় আত্মহত্যাৰ কাৰন। কিন্ত যোৰহাটৰ আৰক্ষী অধীক্ষকে কোনো চুইচাইড নট আৰক্ষীয়ে উদ্ধাৰ কৰা নাই বুলি প্ৰকাশ কৰিছে । যাৰ বাবে এই গোটেই ঘটনাই বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।