অসম

সফলতা অহংকাৰৰ ৰূপ ল’লে মানুহৰ পতন নিশ্চিতঃ চেঙাত যুৱ মৰ্চাৰ কৃতীমানক সম্বৰ্ধনা জ্ঞাপন…

asomiyapratidin

ডিজিটেল সংবাদ , চেঙাঃ 'সফলতাই অহংকাৰৰ ৰূপ ল'লে মানুহৰ পতন নিশ্চিত ।সম্প্ৰতি বিশ্বায়নৰ যুগত ভিৰৰ মাজত হেৰাই নাযাবলৈ সময়ৰ সৈতে খাপ খুৱাই চিন্তাৰ পৰিৱৰ্তন কৰিব লাগিব '। বৰপেটা জিলাৰ চেঙাত সোমবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা, চেঙা মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত এই অভিমত ব্যক্ত কৰে মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে ।

চেঙা মণ্ডল যুৱ মৰ্চাৰ সভাপতি নিতুল বৰ্মাৰ সভাপিত্বত চেঙা সমূহীয়া ভৱনত দিনৰ ১২ বজাত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চেঙা মণ্ডলৰ অন্তৰ্গত কৃতীমানসকলক এখনকৈ ফুলাম গামোচা, মান-পত্ৰ আৰু গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ইয়াৰ আগতে বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনে ।সম্বৰ্ধনা অনুষ্ঠানত চেঙা মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সঞ্জীৱ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অংশগ্ৰহণ কৰি চেঙা মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় মজুমদাৰ, বৰপেটা জিলা বিজেপিৰ সম্পাদক মনোজ ডেকাই নিজ নিজ ভাষণত শৈক্ষিক দিশ আৰু শিক্ষাৰ মান সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক আগত দিনত অধিক সচেষ্ট হৈ অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায় ।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপজ্যোতি ডেকা, বৰপেটা জিলা যুৱ মৰ্চাৰ উপ সভাপতি নিপন ডেকা, নিজ চেঙা গাঁও পঞ্চায়তৰ সভাপতি বিনীতা ৰয়, চেঙা আঞ্চলিক পঞ্চায়তৰ সদস্যা অনিতা পাঠক, বৰপেটা জিলা যুৱ মৰ্চাৰ সম্পাদক গীতাৰ্থ পাঠক, বৰপেটা জিলা যুৱ মৰ্চাৰ আই টি চেলৰ প্ৰমুখ পংকজ ডেকাৰ লগতে বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।