- স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ আৰু দেশবাসী।
- ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী।
- অসমতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
- বুধবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত আৰক্ষীয়ে চলাই অভিযান।
- স্নীফাৰ ড'গ লৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলাই অভিযান।
- স্বাধীনতা দিৱস উদযাপনত সৰ্বসাধাৰণ ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে অভিযান চলাই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।
- ইফালে, মুম্বাইৰ ৰেল ষ্টেচনসমূহতো আৰক্ষীয়ে চলাইছে অভিযান।
- ৰেল ষ্টেচনতো আৰ পি এফে বুধবাৰে স্নীফাৰ ড'গ লৈ চলালে তালাচী অভিযান।