অসম

মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত… পঢ়ক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছৰ ফলাফল অহা ৬ জুন, ২০২০ত ঘোষণা কৰা হ'ব। কোৰোনা ভাইৰাছৰ বাবে চলিত বৰ্ষত এই ফলাফল মে' মাহৰ বিপৰীতে জুনত ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, ৬জুনত পিডিএফ ফৰ্মেটত ঘোষণা কৰা হ'ব ফলাফল।

ডিজিটেল মাধ্যমতো ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীসকলে। উল্লেখ্য যে, ৬ জুনৰ পুৱা ৯ বজাত ম'বাইল এপযোগে পৰীক্ষাৰ ফলাফল তথা মাৰ্কশ্বীটো লাভ কৰিব। মাৰ্কশ্বীটৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ  Roll আৰু Noৰ লগতে এডমিটত থকা জন্মৰ তাৰিখ ভৰোৱাৰ পাছতহে পাব।

তদুপৰি ১৪টাকৈ ৱেবছাইটতো মাৰ্কশ্বীট উপলব্ধ কৰা হ'ব। এই ৱেবছাইট কেইটা ক্ৰমে- ' results.sebaonline.org, resultsassam.nic.in, IndiaResults.com, results.siksha, assam.siksha, exametc.com, ExamResults.net, ExamResults.net/assam/https://iresults.net, AssamJobAlerts.com, AssamResult.in, newsstate.com, newsnation.in আৰু  jagranjosh.com

ফলাফলসমূহ ম'বাইল এপত লাভ কৰিবলৈ গুগ'ল প্লে' ষ্ট'ৰৰ Pan India Internet Pvt. Ltd. নামৰ এপটো ডাউনল'ড কৰিব লাগিব। তদুপৰি মাৰ্কশ্বীটৰ হাৰ্ডকপী তথা চাৰ্টিফিকেট কেইখন শিক্ষানুষ্ঠানসমূহ খোলাৰ পাছতহে প্ৰদান কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলক। তদুপৰি পৰীক্ষাৰ্থীসকলে sebaonline.orgতো লাভ কৰিব ফলাফলসমূহ।