অসম

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান মহোৎসৱ । উত্তৰ পাৰৰ আগশাৰীৰ মহাবিদ্যালয় নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত ) ত সোমবাৰৰ পৰা চায়েন্স ফ’ৰাম চায়েনিকা আৰু মহাবিদ্যালয় খনৰ চায়েন্স ফ’ৰামৰ উদ্যোগত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান মহোৎসৱৰ আয়োজন কৰা হয় ৷

সোমবাৰে বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচনৰ লগতে বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ বৈজ্ঞানিক দৃষ্টি ভংগী আগত ৰাখি বিজ্ঞান মানসিকতাৰে উদ্ভাৱণী শক্তিক তুলি ধৰাৰ প্ৰযন্তৰে একক অনন্য ৰূপত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হৈছে ৷

উত্তৰ পাৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মুঠ ৩৮ টা গোটে এই প্ৰদৰ্শনীত নিজৰ উদ্ভাৱন প্ৰদৰ্শন কৰে ৷ ৰিন’ৱেল এনাৰ্জি , বায়ু সতেজকৰণ ,মাটি প্ৰদূষণ ৰোধ কৰা ,দৃষ্টিহীনৰ লাখুটি আদি উদ্ভাৱন প্ৰদৰ্শন হয় বিজ্ঞান মেলাত ৷

বিজ্ঞান সচেতনতাৰ ওপৰত বাটৰ নাট আৰু নেইষ্ট আৰু আই এছ আৰৰ বিজ্ঞানীৰ লগত ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানৰ লগতে ৰাতিলৈ দুৰবীক্ষণ যন্ত্ৰৰ সহায়ত সৌৰজগতৰ অধ্যয়ন কৰা হয় বুলি জানিবলৈ দিয়ে ৷