অসম

নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ ভাৰতীয় ষ্টেট বেংকে "এডপ্ত" কৰিলে অসমৰ পাঁচখন গাঁও। প্ৰথমখন গাঁও হিচাপে বৰপেটাৰ নসত্ৰত দেওবাৰে আৰম্ভ কৰিলে গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীৰ। ভাৰতীয় ষ্টেট বেংকৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৰূপায়ণ কৰিছে এই কাৰ্যসূচী।

এক হাজাৰ গছ পুলি ৰোপণ কৰিছে ষ্টেট বেংক কতৃপক্ষই। প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে ষ্টেট বেংক কতৃপক্ষই।এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত কাপোৰৰ মোনা প্ৰদান কৰিলে গাঁওবাসীক।

ভাৰতীয় ষ্টেট বেংকৰ চি জে এম সুনীল কুমাৰ টেণ্ডনে মুকলি কৰিলে বৃক্ষৰোপণ কাৰ্যসূচীৰ। উক্ত কাৰ্যসূচীত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা গোস্বামীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।