অসম

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ সত্যপ্ৰসাদ বৰাৰ বিয়োগ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ হাতীচোং অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ সত্যপ্ৰসাদ বৰা (৮০)ৰ বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। কুজীদাহ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সমাজসেৱক সত্যপ্ৰসাদ বৰাৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷

বিশিষ্ট শিক্ষাবিদগৰাকীয় বিয়োগত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত, নগাঁও প্ৰেছ ক্লাৱ, সদৌ অসম সাংবাদিক সন্থা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম গণ পৰিষদৰ লগতে বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷