অসম

হাটশিঙিমাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত থকা ফেকমাৰী গাওঁ পঞ্চায়ত এলেকাত কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰায় ৩৪ কোটি টকাৰে এখন আবাসিক আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰিবলৈ ধন আবণ্টন হৈছে যদিও উক্ত আদৰ্শ বিদ্যালয়খন বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিঙিৰ গোপান ষড়যন্ত্ৰৰ বাবে ফেকামাৰীৰ পৰা বিলাসীপাৰালৈ স্থানান্তৰ কৰাক লৈ হাটশিঙিমাৰীত মঙলবাৰে বিয়লি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত বিদ্যালয় পূৰ্বৰ স্থানত স্থাপন কৰাৰ দাবী তোলে।

উল্লেখযোগ্য যে, ২০১৭-১৮ বৰ্ষৰ এম এছ ডি পিৰ আচনিৰ অধীনত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাত এখনকৈ আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিখন বিদ্যালয়ৰ নামত প্ৰায় ৩৪ কোটি টকা চৰকাৰে আবণ্টন দিয়া হৈছে। সেই মতে ধুবুৰী জিলাৰ গোলকগঞ্জত এখন বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ কাষতে থকা ফেকামাৰী এলেকাত এখন আৱাশিক আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ বাবে চৰকাৰী ভাবে মুঠ ৩৩ কোটি ৪২ লাখ টকা মোকলাই দিয়া হয়।

উক্ত আদৰ্শ বিদ্যালয় ফেকামাৰীতে নিৰ্মাণ কৰাৰ পূৰ্বেই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিঙি ৰাজ্য চৰকাৰৰ সৈতে গোপনে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা বিদ্যালয়খন স্থানান্তৰ কৰি অন্য জিলা অৰ্থাত ধুবুৰী জিলাৰ বিলাসীপাৰা (নিজৰ সমষ্টি) ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানে।

ৰহমানে এই সংবাদ মেলত দাবী কৰে যে, ৰাজ্য তথা কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ বাবে বিজেপি বিধায়ক গৰাকীয়ে এইদৰে আদৰ্শ বিদ্যালয়খন স্থানান্তৰ কৰি নিজৰ সমষ্টিলৈ নিছে। ধুবুৰীত এখন বিদ্যালয় নিৰ্মাণৰ বাবে ধন আবণ্টন হোৱাৰ পাছতো দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষতৰ কথা চিন্তা নকৰি ধুবুৰী জিলাতে দুখন বিদ্যালয় নিৰ্মাণ কৰি চৰকাৰ খনৰ কোনো নীতি আদৰ্শ নাই বুলি ৰহমানে অভিযোগ তুলিছে।

ইফালে দক্ষিণ শালমাৰা জিলাৰ বিদ্যালয়খন এইখন জিলাতে চৰকাৰে স্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী তুলিছে। ইতিমধ্যে এই সন্দভৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা গড়কপ্তানী বিভাগৰ অভিযন্তাক এখন লিখিত অভিযোগ দাখিল কৰি বিদ্যালয়খনৰ স্থানান্তৰ প্ৰক্ৰিয়া স্থগিত কৰি পূৰ্বৰ স্থানতেই নিৰ্মাণৰ বাবে দাবী তুলিছে। কিন্তু গড়কপ্তানি বিভাগৰ ফালৰ পৰাও বৰ্তমানলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো সহাৰি পোৱা নাই বুলি ৰহমানে সংবাদ মেলৰ যোগিদি দাবী তুলিছে।

মন কৰিবলগীয়া বিষয় এয়া যে, ধুবুৰী জিলাৰ গোলকগঞ্জত স্থাপন হব লগা বিদ্যালখনৰ কামৰ ঠিকা লাভ কৰিছে বিধায়ক সিঙিৰ ঘনিষ্ট শ্ৰী গৌতম কনেষ্টাকশ্বন কো-লিমিটে নামৰ কোম্পানী এটাই। একেদৰে একেটা কোম্পানীয়েই হাটশিঙিমাৰীৰ ফেকামাৰীৰ আদৰ্শ বিদ্যালয় বিলাসীপাৰাত নিৰ্মাণৰ দায়িত্ব লাভ কৰাত কৃষক নেতা জনে এয়া স্পষ্টভাবে বিধায়ক সিঙিৰ চক্ৰান্ত বুলি দাবী কৰে।

ইফালে এই বিষযক লৈ মানকাচৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ ভূমিকা সন্তষ্টজনক নহয় বুলি কৃষক নেতা ৰহমানে প্ৰকাশ কৰি কয় যে, এই বিদ্যালয়খন ফেকামাৰীত নিৰ্মাণ নকৰিলে কৃষক মুক্ত সংগ্ৰাম সমিতিয়ে গণতান্তিক পদ্ধতিৰে আন্দোলনৰ কাৰ্ষসূচী হাতত লব।

শূণ্য সহনশীলতাৰ দাবী কৰা বিজেপি চৰকাৰৰ দিনত বিজেপি বিধায়ক গৰাকীয়ে এইদৰে ক্ষমতাৰ অপ-ব্যৱহাৰ কৰি এখন জিলাৰ বিদ্যালয় আন এখন জিলাত স্থানান্তৰ কৰি নিয়া ঘটনাক লৈ এতিয়া হাটশিঙিমাৰীৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দল-সংগঠন তথা স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টোক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি আবু নাচিৰ মোল্লাৰ সৈতেও যোগাযোগ কৰিছিল যদিও বিজেপি সভাপতিজনে এই বিষয়ে কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে কৃষক নেতা আনিছুৰ ৰহমানে। কৃষক মুক্ত সংগ্ৰাম সমিতিৰ দাবীৰ প্ৰতি চৰকাৰে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব।