অসম

মিঞা কবিতা সন্দৰ্ভত সচেতন নাগৰিকৰ আহ্বান- এনে কামে অসমীয়া সমাজখনক অধিক ক্ষতিগ্ৰস্থ কৰিব

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মিঞা পয়েট্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছতেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন নাগৰিক সমাজে। সংবাদ মাধ্যমলৈ এই সন্দৰ্ভত এক বিবৃতি প্ৰেৰণ কৰি এনে কাৰ্যক দুৰ্ভাগ্যজনক আৰু ই অসমীয়া সমাজখনৰ ক্ষতি কৰিব বুলি মন্তব্য কৰিছে সচেতন নাগৰিক সমাজে।

ড০ হীৰেণ গোহাঁই, উদয়াদিত্য ভৰালী, হাইদৰ হুছেইন, জ্যোতিপ্ৰসাদ শইকীয়া, ড০ দিলীপ বৰা, ড০ দীনেশ বৈশ্য, মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ, ড০ অনুৰাধা শৰ্মা, ময়ুৰ বৰা, মাধুৰ্য্য বৰুৱা, ৰাছেল হুছেইন, আবিদ আলী, কিশোৰ কুমাৰ কলিতা, প্ৰকাশ মহন্ত আৰু কমল মেধিয়ে প্ৰেৰণ কৰা বিবৃতিটোত এনে বিতৰ্ক আৰু প্ৰতিশোধমূলক কাৰ্য্যৰ পৰা সকলোকে আতৰি থাকিবলৈ আহ্বান জনাইছে।

মিঞা কবিতা সন্দৰ্ভত সচেতন নাগৰিকৰ আহ্বান- 'মিঞা কবিতা'ৰ আলোচনাই অসমৰ বাহিৰৰ সংবাদ মাধ্যম আৰন্ধ বৌদ্ধিক আলোচনাত অসম সম্পৰ্কে যথেষ্ট নেতিবাচক ধাৰণাৰ জন্ম দিছে। এই কবিতাৰ পৃষ্ঠপোষকসকলৰ অসমীয়া ভাষা সম্পৰ্কত যথেষ্ট জ্ঞান থকা সত্ত্বেও আৰু তেওঁলোকৰ বেছিভাগেই অসমীয়া মাধ্যমতে শিক্ষা-দীক্ষা গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো 'মিঞা কবিতা' আৰু 'মিঞা ভাষা' (একাংশই দাবী কৰা মতে)ৰ এটা বিশেষ ধাৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰাটো অতি উদ্বেগজনক বিষয়।

তদুপৰি এই ধাৰাৰ প্ৰচাৰৰ সৈতে অসমৰ বংগমূলীয় অসমীয়া মুছলমান সকলক বাংলাভাষী বা বঙালী মুছলমান বুলি প্ৰতিষ্ঠা কৰাৰো চেষ্টা কৰা হৈছে। অসমীয়া সমাজখন নানান সংকট আৰু সংঘাতৰ মাজেদি সম্প্ৰীতিৰ দিশেৰে আগবাঢ়ি থকাৰ সময়ত ক্ষোভ, যন্ত্ৰণা আদু প্ৰকাশ কৰিবলৈ গৈ এচাম শিক্ষিত ডেকা ল'ৰা যাতে আমাৰ পৰা বিচ্ছিন্ন হৈ নাযায় বা তেওঁলোক যাতে আনৰ প্ৰৰোচনাৰ বলি নহয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি 'মিঞা কবিতা' সম্পৰ্কত এক সুষ্ঠ আলোচনা হোৱাটো আমি বিচাৰিছিলোঁ। কাৰো প্ৰতি কোনো ধৰণৰ প্ৰতিশোধমূলক আচৰণ প্ৰদৰ্শন কৰা ইয়াৰ উদ্দেশ্য নাছিল। কিন্তু বিষয়টোৰ আলাপ-আলোচনাই সমাজত ক্ৰমে ঘৃণা আৰু আক্ৰোশৰ মাত্ৰা বঢ়াইছে। আনকি কিছুসংখ্যক কবি-সাহিত্যিকৰ বিৰুদ্ধে গোচৰ পৰ্যন্ত ৰুজু কৰা হৈছে। এনে কোনো ধৰণৰ কামে এখন সুস্থ, গণতান্ত্ৰিক, মানৱীয় সমাজ গঢ়াৰ সহায়ক হ'ব নোৱাৰে। ই অতি দুৰ্ভাগ্যজনক আৰু এনে কামে অসমীয়া সমাজখনক অধিক ক্ষতিগ্ৰস্ত কৰিব। সেয়েহে আমি এনে বিতৰ্ক আৰু প্ৰতিশোধমূলক কাৰ্যৰ পৰা আঁতৰি থকাবিলৈ সকলোৰে প্ৰতি আহ্বান জনালোঁ।'