sarupothar book fair
sarupothar book fair 
অসম

সৰুপথাৰত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি শাৰদীয় গন্থমেলা আৰু আড্ডাৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলা ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গান্ধী মূৰ্তিৰ সমীপত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি শাৰদীয় গন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰান্তোষ দাস ফাউণ্ডেচনৰ উদ্যোগত আৰু অন্যপথ গোষ্ঠীৰ সহযোগত হ'বলগীয়া অনুষ্ঠানত কিতাপৰ প্ৰতি ৰাইজক অধিক আগ্ৰহী কৰাৰ উদ্দেশ্যে বিগত বৰ্ষসমূহৰ দৰে ২০২২ বৰ্ষত শাৰদীয় গন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

খেলনা পিষ্টলৰ সলনি শিশুক হাতত কিতাপ তুলি দিয়া, শাৰদীয় উৎসৱৰ বতৰত প্ৰিয় জনৰ হাতত গন্থ তুলি দিয়াৰ বাবে এই প্ৰয়াস কৰা হৈছে। ২ আক্টোবৰত গন্থ মেলাৰ দ্বাৰ উন্মোচনৰ পিছতেই শিশুসকলৰ গীত মাতৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। প্ৰথম দিনা অথাৎ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সন্ধিয়া জাতীৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে উক্ত স্থানতেই পথৰ পুথিভঁৰাল স্থাপন কৰিছিল। সেয়েহে উক্ত গন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ লগত সংগতি ৰাখি পঢ়ুৱৈ সকলৰ বাবে "পথৰ পুথিভঁৰাল, প্ৰিয় কিতাপ খন ,মই অলপতে পঢ়া কিতাপখন__" শিৰ্ষক আড্ডা অনুষ্ঠিত অনুষ্ঠিত কৰা হ'ব বুলি প্ৰান্তোষ দাস ফাউণ্ডেচনৰ সম্পাদক পাৰ্থপ্ৰতীম দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে উক্ত অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে সহায় সহযোগিতা কামনা কৰিছে অন্যপথ গোষ্ঠীৰ হৈ ড° নয়নমণি মেধীয়ে।