অসম

চুঙাজান মাজগাওঁত বিদ্যুতৰ খুটা দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ একাংশ বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ অসম চৰকাৰৰ বিদ্যুৎ বিতৰণ কোম্পানীয়ে শেহতীয়াকৈ ঠিকাদাৰী কোম্পানীৰ জৰিয়তে সৰুপথাৰৰ গাঁৱে ভুঁঞে বিদ্যুতৰ খুটা স্থাপন, নতুন সংযোগ আদিৰ কাম চলি আছে। সৰুপথাৰৰ সীমান্তৰ চুঙাজান মাজগাওঁত বিদ্যুতৰ খুটা দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাৰ অভিযোগ বিদ্যুৎ বিভাগৰ এগৰাকী ঠিকাদাৰৰ সহযোগিক ৰাইজে পশুখেদা দিয়াৰ দৃশ্য কেমেৰাত বন্দী হয় ।

দালালৰূপী ব্যক্তি গৰাকীয়ে গাঁও খনৰ কেইঘৰমান দৰিদ্ৰ পৰিয়ালৰ চুবুৰিত তিনিটা বিদ্যুত খুঁটা স্থাপন কৰি দিয়াৰ নামত আঠ হেজাৰ টকা দাবী কৰিছিল | দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকে এহেজাৰ কৈ মুঠ চাৰি হাজাৰ টকা উঠাই দিয়াৰ পিছতো গাওঁখনত বিদ্যুতৰ খুটা স্থাপন নকৰিলে দালাল পল্টু ডেকাই।

পল্টু ডেকা নামৰ ব্যক্তি গৰাকীয়ে গাওঁ খনত পুনৰ প্ৰবেশ কৰি বাকী টকা উঠাবলৈ আহোতে স্থানীয় ৰাইজে আগুচি ধৰি সোধাপোছা কৰি পশুখেদা দিয়ে গাঁওৰ ৰাইজে । বিনামুলীয়া খুটা স্থাপনৰ নামত ধন সংগ্ৰহ কৰা  ব্যক্তি গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হব ।