অসম

দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ দেশজুৰি অব্যাহত থকা লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত পৰিছে বিশেষকৈ দিনহাজিৰা কৰা তথা শ্ৰমজিৱী লোকসকল ৷ চৰকাৰী সাহায্য লাভ কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই তেঁওলোকৰ কাৰণে ৷ যাৰবাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ জনসাধাৰণে ৷ চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই একাংশ দল সংগঠন, ব্যক্তিবিশেষেও পাৰ্যমানে ৰাইজক সহায় কৰিছে ৷

এই সংকটৰ মূহুৰ্ত্তত নিজ গাঁওখনৰ ৰাইজৰ কাৰণে ওলাই আহিছে অলিম্পিকলৈ যোগ্যতা অৰ্জনকাৰী অসমৰ প্ৰথমগৰাকী মহিলা গোলাঘাট বৰপথাৰৰ জীয়ৰি লাভলীনা বৰগোঁহাই ৷ পিতৃ আৰু পৰিয়ালৰ লোকৰ সৈতে একেলগে গাঁওবাসীলৈ লাভলীনাই আগবঢ়াইছে খাদ্যসামগ্ৰী ৷ ইফালে, লাভলীনাই সকলোকে খাটিখোৱা ৰাইজক যিয়ে যেনেদৰে পাৰে সহায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে বাকী থকা লকডাউনৰ দিনকেইটাও সকলোকে ঘৰৰ ভিতৰত থকাৰ আহ্বান জনায় ৷