অসম

সৰুপথাৰত চেন্টাৰ ফৰ ডেভলপমেন্টৰ উদ্যোগত শিশু দিৱস উদযাপন, শিশু শ্ৰমিক বিৰুদ্ধে সজাগতাৰ আহ্বান…

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত বে-চৰকাৰী স‌ংস্থা চেন্টাৰ ফৰ ডেভলপমেন্টৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হয়।জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰাৰ পাছতেই সাহিত্য -সংস্কৃতি অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটো আ‌ঁত ধৰে সংস্থাটোৰ সৰুপথাৰ ‌‌‌‌‌ক্ষেত্ৰ সন্বয়নক অনিমা কাশ্যপ আৰু ভিক্টৰিয়া চাংমাই। চিটি ক‌'অডিনেটৰ চাজমা চুলতানা উপস্থিত থকা অনুষ্ঠানটোত অঞ্চলটোৰ শিশু সকলৰ মাজত সাহিত্য- সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে নিৰ্বাচিত ছজন শিশুৱে জৱাহৰলাল নেহৰু আৰু শিশু শ্ৰমিকৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। সংস্থাটোৱে বিগত সময়টো শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰি আহিছে বুলি জানিব লৈ দিয়ে। অঞ্চলবাসীক শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগ হবলৈ সংবাদ মাধ্যমৰ আচুতিয়া সাক্ষাতকাৰত জনায় সংস্থাটোৰ বিষয়ববীয়াই!