অসম

সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত বজ্ৰ হুংকাৰ কাৰ্যসূচী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত বজ্ৰ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক হুংকাৰ প্ৰদান কৰে যে, কেনেবাকৈ যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেতিয়া ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিব ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে জানিও ৰাইজৰ পক্ষত থিয় নোহোৱাৰ বাবে অগপক কটাক্ষ কৰে প্ৰতিবাদকাৰীসকলে।