অসম

সৰুক্ষেত্ৰীত প্ৰতিবাদ; ঠিকাদাৰৰ হেমাহিৰ বাবে জীয়াতু ভুগিছে ৰাইজে…

asomiyapratidin

ডিজিটেল সংবাদ,কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ সমীপৰ দক্ষিণ খাৱলাৰ ভিঠাত ৰাইজৰ উত্তাল প্ৰতিবাদ। যোৱা ১৬/০২/২০২১ ইং তাৰিখে S.O.P.D(G) আচঁনিৰ অধীনত ২০২০ – ২১ বিত্তীয় বৰ্ষৰ মঞ্জুৰী প্ৰাপ্ত বৰপেটা – ভবানীপুৰ সংযোগী পথৰ পৰা দক্ষিণ খাৱলাৰ ভিঠালৈ যোৱা পথৰ শুভাৰম্ভ কৰে সৰুক্ষেত্রীৰ সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। তেতিয়াৰ পৰা এই পৰ্যন্ত ৰাইজৰ বাবে মুকলি নহ'ল এই পথটো।

ঠিকাদাৰৰ লেহেমীয়া গতিত উক্ত পথৰ কাম চলিথকাত উত্তালপ্ৰতিবাদ সাব্যস্তকৰে ভুক্তভুগী ৰাইজে। কেইদিনমান ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বোকাময় পথটোত যাতায়তত ব্যাঘাত জন্মাইছে । যাৰ ফলত জৰুৰীকালীন বাহনৰ পৰা আৰম্ভ কৰি সকলো বাহন চলাচলত বাধাৰ সৃষ্টি হৈছে। সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক বিষয়টো গুৰুত্ব সহকাৰে লৈ অনতি পলমে ৰাইজৰ বাবে পথ মুকলিৰ আহ্বান গঞাৰ। পথটোৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ প্ৰতিবাদ।