অসম

সৰ্থেবাৰী আৰক্ষীৰ জালত নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী, বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে নিশা অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফচিৰাপৰ বটল। গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে গৰিয়া চতলা গাঁৱৰ মুকুট আলীৰ ঘৰত নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধৰ বটল আৰু টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত চলা অভিযানত দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা মুকুট আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

সৰ্থেবাৰী আৰক্ষীয়ে ৩২০/১৯ নম্বৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৱে। সমগ্ৰ সৰ্থেবাৰী অঞ্চলত নিচাযুক্ত টেবলেট আৰু কফচিৰাপৰ এখন বৃহৎ ক'লা বজাৰ গঢ়ি তুলিছিল মুকুট আলীয়ে। অৱশেষত আৰক্ষীৰ জালত পৰিল নিচাযুক্ত টেবলেটৰ ক'লা বজাৰৰ সম্ৰাট মুকুট আলী।