অসম

টিভি দেখুৱাবলৈ ফুচুলাই নি নাবালিকাক বলাৎকাৰ! আৰক্ষীৰ জালত হৰমুজ আলী

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ নাবালিকা ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৰমুজ আলীক বৃহস্পতিবাৰে মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ পঞ্চাশোৰ্ধৰ বয়সৰ লম্পট হৰমুজ আলীৰ কামনাৰ বলি হৈছিল একে গাঁৱৰে এগৰাকী আঠ বছৰীয়া নাবালিকা। মাজদিয়া গাঁৱৰ প্ৰয়াত জাদু আলীৰ পুত্ৰ লম্পট হৰমুজ আলীৰ বিৰুদ্ধে নাবালিকা গৰাকীক বলাৎকাৰৰ অভিযোগ তুলি যোৱা ২৭জুনত মাজদিয়া আৰক্ষীত চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

তেতিয়াৰ পৰাই পলাতক হৈ আছিল লম্পট হৰমুজ আলী। সৰ্থেবাৰী আৰক্ষী থানাত ২১৯/২০২০ নম্বৰত আৰু পোকচো আইনৰ অধীনত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত হৰমুজ আলীক বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ চেঙাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, ২৫ জুনত একে গাঁৱৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী এগৰাকীক হৰমুজ আলীয়ে নিজৰ ঘৰলৈ টি ভি দেখুৱাবলৈ বুলি ফুচুলাই নি বলাৎকাৰ কৰাৰ অভিযোগ উঠিছিল।

নাবালিকাক বলাৎকাৰৰ অভিযোগত অভিযুক্ত হৰমুজ আলীক আৰক্ষীয়ে বৃহস্পতিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে। এই জঘন্য কাণ্ডত জৰিত অভিযুক্ত হৰমুজ আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনলৈ দাবী উত্থাপন কৰিছিল স্থানীয় ৰাইজে। আনহাতে একাংশ লোকে হৰমুজ আলীক ফাঁচী দিয়াৰ দাবীও উত্থাপন কৰিছে।