অসম

বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ অসম বানৰ কবলত পৰাৰ পিছত সম্প্ৰতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সৰ্থেবাৰীৰ বান পৰিস্থিতি অপৰিবৰ্তিত হৈয়েই আছে। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ প্ৰায়বোৰ গাঁও বানৰ কবলত পৰাৰ পিছত শুকুৰবাৰে সৰ্থেবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ বজালী জিলা সমিতিৰ উপ সভাপতি দ্বীপুল ভূঞা আৰু বিজেপিৰ বজালী জিলা সমিতিৰ যুৱ মৰ্চাৰ উপ সভাপতি গুণজিৎ বৰ্মনৰ ব্যক্তিগত প্ৰচেষ্টাত বানসাহায্য বিতৰণ কৰা হয়।

বনিয়াকুছি, বেঙাপাৰা আদি বিভিন্ন গাঁৱৰ বান শিবিৰত থকা সহস্ৰাধিক পৰিয়ালৰ মাজত শুকুৰবাৰে এই বান সাহায্য বিতৰণ কৰে।

অহা তিনিদিনলৈ এই বান সাহাৰ্য বিতৰণ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে যুৱ সমাজ কৰ্মী গুণজিৎ বৰ্মনে। বান সাহায্যত বিশুদ্ধ পানীৰ বটল, পাউৰুটি, কল আদি বিতৰণ কৰে।

ইফালে গুৱাহাটীৰ হাতীগাঁওস্থিত বেচৰকাৰী সংস্থা ইউনাইটেড আছামৰ উদ্যোগত আৰু হাতীগাঁৱৰ ৰাইজৰ সহযোগত বৃহস্পতিবাৰে গুৱাহাটীৰ দাঁতিকাষৰীয়া কেইবাটাও অঞ্চলত বানসাহায্য বিতৰণ কৰা হয়।

কলাইগাঁও, মায়ং আদি অঞ্চলত বেচৰকাৰী সংস্থাটোৱে চিৰা, বিস্কুট,ঔষধ, বিশুদ্ধ খোৱা পানী, বস্ত্ৰ, কেক, ফলমূল আদি বিতৰণ কৰে। লগতে সংস্থাটোৱে অসমৰ বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকালৈ আহ্বান জনায়।