অসম

অট’ ভাৰা লোৱাৰ দৰে হেলিকপ্টাৰ ভাৰাত লৈছে কোনে?

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সংবাদমেলত তৰুণ গগৈয়ে কয়- 'মুখ্যমন্ত্ৰীয়ে এখন হেলিকপ্টাৰ স্থায়ীভাৱে লৈ লৈছে৷ মাহিলী হিচাপত অটো ভাৰা লোৱাৰ দৰে হেলিকপ্টাৰ লৈছে মুখ্যমন্ত্ৰীয়ে।'

ইফালে, হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তৰুণ গগৈয়ে কয়– 'হিমন্ত বিশ্বই ১৭টা সমষ্টিৰ কথা কৈছে, মই কৈছো ১৭ নহয় ৭০টা বচাওক, কিন্তু বেংগলী আনি সমষ্টি বচাব নেকি? ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিব বিচৰা হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈয়ে বিজেপিয়ে এই আইন আনিব বিচাৰিছে৷ কিন্তু মই পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এনে নিৰ্যাতনৰ বলি হোৱা বুলি এখনো আবেদন নাপালো৷'

'আমি সন্ত্ৰাসবাদৰ পৰা যুৱকসকলক আঁতৰাই আনিছিলো, কিন্তু বিজেপিৰ কাম–কাজে যুৱকসকলক সন্ত্ৰাসবাদলৈ আগুৱাই দিছে।'-সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলিও মন্তব্য কৰে গগৈয়ে। 'বেংগল কেডাৰৰ আই পি এছ এজনক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা হিচাপে লৈছে, অসম কেডাৰৰ বিষয়া নাপালে৷ কোনোবাদিনা বিজেপিয়ে মুখ্যমন্ত্ৰীও বাহিৰৰ পৰা আনিব৷ ৰাম মাধৱেই আহি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব' বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ১৪৪ ধাৰা ভংগ কৰি জে'লভৰো কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ তৰুণ গগৈৰ।