অসম

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত মুক্তি যোদ্ধাক সম্বৰ্দ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত চৰাইদেউ জিলাৰ মুক্তি যোদ্ধাসকলক সম্বৰ্ধনা জনালে চৰাইদেউ জিলা প্ৰশাসনে। সমান্তৰালভাৱে সম্বৰ্ধনা জনালে ইতিমধ্যে স্বৰ্গগামী হোৱা মুক্তি যোদ্ধাসকলৰ পত্নীসকলক।

চৰাইদেউ জিলা প্ৰশাসনৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া আৰু অতিৰিক্ত উপায়ুক্ত ক্ৰমে দীপক কুমাৰ ভূঁঞা, প্ৰণৱ কুমাৰ বড়া আৰু জিতু কুমাৰ দাসে চাৰিটা দলত বিভক্ত হৈ জিলাখনৰ বিভিন্ন অঞ্চলত এই মুক্তি যোদ্ধাসকল আৰু ইতিমধ্যে স্বৰ্গগামী হোৱা মুক্তি যোদ্ধাসকলৰ পত্নী সকলক তেওঁলোকৰ নিজ নিজ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে

। উল্লেখ্য যে বিগত বৰ্ষ সমূহত চৰাইদেউ জিলা প্ৰশাসনৰ দ্বাৰা জিলাখনৰ মুক্তি যোদ্ধা সকলক স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দিনা ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰি অহা হৈছিল।