অসম

ঢকুৱাখনাত শংকৰী সংগীত-নৃত্য কৰ্মশালাৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আধ্যাত্মিক আৰু এক সুস্থ সাংস্কৃতিক পৰম্পৰাৰে সমাজত সুস্থিৰ পৰিৱেশ গঢ়িবলৈ অহৰহ চেষ্টা অব্যাহত ৰখা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ সংস্কৃতি সমিতিৰ উদ্যোগত অহা ২২ জুলাইৰ পৰা ২৯ জুলাইলৈ ঢকুৱাখনা জিলা নামঘৰত আয়োজন কৰা হৈছে এক বিশেষ কৰ্মশালাৰ।

পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ হ'ব লগা এই কৰ্মশালাত বৰগীত, প্ৰসঙ্গ, খোলবাদ্য আৰু শংকৰী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিব কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে। জিলা সংস্কৃতি শাখাৰ সম্পাদক বিদ্যুৎ চমুৱা আৰু সভাপতি পুতুল শইকীয়াই আগ্ৰহী শিক্ষাৰ্থী সকলক ৭৮৯৬৩৬০৯৪৪ আৰু ৯৩৬৫২১৪৭০৬ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।