অসম

গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে কণকণ শিশুৰ ভাওনাৰে মুখৰিত হ’ল বটদ্ৰৱা থান…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে মঙলবাৰে নিশা বটদ্ৰৱা থানত কনকন শিশু অভিনয়ৰে "চোৱাতন বধ" ভাওনা মঞ্চস্থ হয়।

যান্ত্ৰিকতাৰ যুগতো গুৰু শংকৰৰ অপূৰ্ব সৃষ্ট ভাওনা পৰিবেশনৰ মাজেৰে এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে এজাক শিশুৱে।

কৃষ্ণ, শিৱ, নাৰদ, অসুৰ, দেৱতা আদি ভিন্ন চৰিত্ৰত কৰা অভিনয়, খোলৰ ছেৱে ছেৱে নাচ, যুদ্ধ আদিৰে ভৰপূৰ "চোৱাতন বধ" ভাওনাই উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত বিভিন্ন কাৰ্য্যসূচীৰ লগতে নিশা নাটঘৰ প্রাঙ্গনত অনুষ্ঠিত হয় এই "চোৱাতন বধ" ভাওনা।