অসম

শংকৰদেৱ উদ্যানৰ ভূমি অধিগ্ৰহণ, স্থানীয় নাগৰিকৰ মানৱ শৃংখলেৰে প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ মাছখোৱাত ৰূপায়ণ কৰা হৈছে মানৱ শৃংখল কাৰ্যসূচী। দলং নিৰ্মাণৰ নামত প্ৰশাসনে শংকৰদেৱ উদ্যানৰ বৃহৎ অংশৰ ভূমি অধিগ্ৰহণ কৰাৰ বিৰোধিতাৰে এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰশাসনে এইদৰে দলং নিৰ্মাণৰ নামত উদ্যানখনৰ ভূমি অধিগ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজ আৰু সচেতন নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলোৱে প্ৰশাসনৰ এই ভূমি অধিগ্ৰহণ কাৰ্যৰ বিৰোধিতা কৰিছে।

শংকৰদেৱ উদ্যানৰ লগতে ইয়াৰ সমীপতে থকা আজান-ফকীৰ উদ্যানো সংৰক্ষণ কৰাৰ বাবে স্থানীয় ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে স্থানীয় বহু জ্যেষ্ঠ নাগৰিকে। নাগৰিকসকলে হঠাতে প্ৰশাসনে উদ্যানখনৰ এটা বৃহৎ অংশ অধিগ্ৰহণ কৰা কাৰ্যত আশ্চয্য প্ৰকাশ কৰিছে।

১৯৯৩ চনত স্থাপন কৰা হৈছিল এই উদ্যানখন। ভৰলুমুখ অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা এই উদ্যানখনত পুৱা, গধূলি বহু স্থানীয় জ্যেষ্ঠ নাগৰিককে বিভিন্ন বয়সৰ লোকে আহি ভ্ৰমণ কৰে। অতি ব্যস্ত অঞ্চল হোৱাৰ বাবে সকলোৰে বাবে এই উদ্যানখনতেই শাৰীৰিক কচৰত কৰা, প্ৰাতঃ ভ্ৰমণ কৰা আদি কাৰ্যৰ বাবে উপযোগি এই উদ্যানখন। জ্যেষ্ঠ নাগৰিকসকলে এই উদ্যানত গছ পুলি ৰোপণ কৰাকে ধৰি সকলো বিষয় নিজাববিয়াকৈ চোৱাচিতা কৰি আহিছিল।

কিন্তু হঠাত দলং নিৰ্মাণৰ বাবে উদ্যানখনৰ এটা বৃহৎ অঞ্চল দখল কৰাৰ উপৰিও নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এতিয়া উদ্যানখনলৈ বিপদ মাতি আনিছে। সেয়েহে স্থানীয় জ্যেষ্ঠ নাগৰিকসকলৰ লগতে সকলো শ্ৰেণীৰ নাগৰিকে এই উদ্যান অধিগ্ৰহণ কৰাৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰলৈ উদ্যান অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।