অসম

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অমৃত বাণী হৃদয়ত সৰোগত কৰি বিগত প্ৰায় দুমাহে দিন-ৰাতি একাকাৰ কৰি শ-শ ভকত-বৈষ্ণৱ-আই মাতৃয়ে চলোৱা অহৰহ আন্তৰিক প্ৰচেষ্টাৰ অন্তত অৱশেষত অবধাৰিতভাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিবেশনখনিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে মৰিগাওঁ জিলাৰ সিধাবাৰী, নাওকটা, গাগিনীবড়ী, বৰঙাবাৰী পথাৰত৷

মৰিগাঁও চহৰৰ নিলগতে অৱস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত বুধবাৰ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব সংঘৰ ৮৮সংখ্যক অধিৱেশনখনিৰ বৰ্ণিল কাৰ্যসূচী ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিবেশনৰ আদৰণী সমিতিৰ প্ৰতিজন বিষয়ববীয়া এই সময়ত ব্যস্ত নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যত সমাপনৰ ক্ষেত্ৰত ৷

বৰ্তমান হৰি-নাম-কীৰ্তনেৰে অধিবেশনস্থলীত পৰিলক্ষিত হৈছে এক নান্দনিক স্বৰ্গীয় আধ্যাত্মিক পৰিবেশ ৷ বুধবাৰে পুৱাৰ পৰা অধিৱেশনৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব যদিও মঙলবাৰেই ভক্তপ্ৰাণ লোকে লোকাৰণ্য হৈ পৰিছে সমন্বয় ক্ষেত্ৰ ৷ চৌদিশে সুবিশাল মণ্ডপ, তোৰণ আদিৰ লগতে ভিন্ন মৃন্ময় মূৰ্তি তথা আলোকৰ সজ্জাই স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

ইফালে, দৈনিক লক্ষ লক্ষ ভকত-বৈষ্ণৱক অপ্যায়নৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ নিৰ্মাণ কৰা হৈছে সু-বিশাল ৰান্ধনি শালৰ লগত অপ্যায়নস্থলী তথা ভোজনালয় ৷ ৭শ ফুট দীঘল আৰু ৬শ ফুট বহল ভোজনালয়ত একেলগে ১৫ হাজাৰ ভকতে অন্ন গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে বিভিন্ন জনে আগবঢ়াইছে খাদ্যসামগ্ৰী তথা অন্যান্য প্ৰয়োজনীয় সা-সামগ্ৰী ৷ বিভিন্ন স্থানৰ পৰা অধিবেশনস্থলীলৈ আগমন ঘটা প্ৰতিনিধি সকলৰ বাবে নিৰ্মাণ কৰা শিবিৰসমূহত শেষ পৰশ দি সকলো সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে অধিৱেশনস্থলীত ৷ ইতিমধ্যে বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিসকল অহা আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷

বুধবাৰে পুৱা ৫-৩০ বজাত প্ৰাত: প্ৰসঙ্গৰে আৰম্ভ হ'ব অধিৱেশনৰ চাৰি দিনীয়া কাৰ্যসূচীত আনুষ্ঠানিক শুভাৰম্ভ ৷ পুৱা ৮-৩০ বজাত মূল তোৰণ উন্মোচন কৰিব অসমৰ মূখ্য সচিব আলোক কুমাৰে ৷ ইয়াৰ পিছতেই গ্ৰন্থমেলা, প্ৰদৰ্শণী আৰু বাণিজ্য মেলাৰ তোৰণ সমূহ উন্মোচিত হ'ব ৷ ইফালে, ৯-৪৫ বজাত নাটঘৰৰ আসন প্ৰতিষ্ঠাৰ পিছতেই অধিৱেশনৰ আদৰণী সমিতিৰ মূল কাৰ্যালয়টি উন্মোচন কৰা হ'ব ৷

ইয়াৰোপৰি বিভিন্ন কাৰ্যসূচীৰ মাজতে দিনৰ ১১-৩৫ বজাত সেৱা বাহিনীৰ শিবিৰ উন্মোচন, ১১-৪৫ বজাত মূলমঞ্চ উন্মোচন, ১২-৩০ বজাত মূলমঞ্চত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব ৷ স্মৃতিগ্ৰন্থ 'কৃষ্ণ কথামৃত' উন্মোচন কৰিব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড° কন্দৰ্প কুমাৰ ডেকাই ৷ 'মৰিগাঁও দাপোন' শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷ লগতে 'গুণনিধি' আৰু 'গুৰুচৰিত কথা' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰিব ক্ৰমে হেমেন দাস আৰু ভৱপ্ৰসাদ চলিহাই ৷

প্ৰতিনিধিৰ সভাগৃহত দিনৰ ২ বজাত অনুষ্ঠিত হ'ব প্ৰচাৰ শাখাৰ সভা ৷ ৩-৩০ বজাত আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা৷ ৬-১০ বজাত অনুষ্ঠিত হ'বলগীয়া সেৱাবাহিনীৰ সাধাৰণ পৰিষদখনি সঞ্চালনা কৰিব পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ৷ ৬-৩০ বজাত মূলমঞ্চত প্ৰথমখন সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব বিধায়িকা আঙুৰলতা ডেকাই ৷ সন্ধ্যা ৭ বজাৰ পৰা নাটঘৰত প্ৰদৰ্শিত হ'বলগীয়া অঙ্কীয়া ভাওনা উদ্বোধন কৰিব শঙ্কৰী সংস্কৃতিৰ সাধক প্ৰফুল্ল প্ৰাণ মহন্তই ৷ উল্লেখ্য যে, কাৰ্যসূচীসমূহৰ উপৰিও অভিৱেশনস্থলীত অন্যান্য বিভিন্ন কাৰ্যসূচী ৰূপায়িত হৈ থাকিব ৷ ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া অধিবেশনখনি ৯ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে অন্ত পৰিব ৷

বহু প্ৰত্যাশিত শ্ৰীমন্ত শঙ্কৰসংঘৰ ৮৮ সংখ্যক অধিবেশনখনিক লৈ মৰিগাঁওৰ প্ৰতিজন লোকৰে গৃহত বৰ্তমান এক উৎসৱমুখৰ পৰিবেশে৷ মৰিগাঁওলৈ যাবলগীয়া আলহি সকলক যথাসাধ্য অপ্যায়ন, আদৰ-সাদৰ কৰিবলৈ প্ৰায় প্ৰতিঘৰ লোকে নিজা নিজা প্ৰস্তুতি চলাইছে ৷ বুধবাৰৰ পুৱাৰে পৰা অধিৱেশনস্থলীলৈ আহিবলগীয়া লক্ষাধিক ভকত-বৈষ্ণৱক মৰিগাঁওবাসী ৰাইজে শ্ৰদ্ধা-ভক্তিৰে আদৰনি জনাবলৈ ব্যাকুল হৈ পৰিছে  সকলো।