অসম

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এপিজিচিএলৰ সঞ্চালক শংকৰ চন্দ্ৰ দাসৰ এমাহৰ পেন্সনৰ ধন

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যখনত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ পিছত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্ন দল- সংগঠন, ব্যক্তি বিশেষে বান সাহায্য প্ৰদান কৰি নিজৰ নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বান সাহায্য হিচাপে এমাহৰ পেন্সনৰ ধন পঞ্চাশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে বিশিষ্ট সমাজসেৱক, শিক্ষাবিদ, বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা এপিজিচিএলৰ স্বতন্ত্ৰ সঞ্চালক শংকৰ চন্দ্ৰ দাসে।

বানপীড়িত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে এই ধন ৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰি শংকৰ চন্দ্ৰ দাসে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। এই কাৰ্যৰ বাবে তেখেতক প্ৰশংসা কৰিছে বিভিন্নজনে।