অসম

আদিবাসীৰ জনজাতিকৰণ সন্দৰ্ভত ইউ টাৰ্ণ লৈছে বিটিচি প্ৰধানেঃ সঞ্জয় তাঁতী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত বুধবাৰে ওদালগুৰিৰ সোনাপানীত গুতুৰ্বপূৰ্ব মন্তৱ্য আগবঢ়াই লেখক-গৱেষক সঞ্জয় কুমাৰ তাঁতীয়ে। তেওঁ কয়- 'আমি অসমৰ খিলঞ্জীয়া। সমগ্ৰ ভাৰতবৰ্ষতে আদিবাসীসকলক জনজাতি মৰ্যাদা দিয়া হৈছে। কিন্তু অসমত এই মৰ্যাদা দিয়াৰ পৰা আমাক বঞ্চিত কৰি ৰখা হৈছে। কেৱল সেয়ে নহয়। কোনো কোনোৱে আমাক খিলঞ্জীয়া নহয় বুলিও ক'বলৈ চেষ্টা কৰিছে। এসময়ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈছিল, আদিবাসীয়ে জনজাতিৰ মৰ্যাদা পোৱাৰ বাবে প্ৰয়োজন হ'লে তেওঁ সন্মতি সূচক পত্ৰ প্ৰেৰণ কৰিব বুলি কৈছিল যদিও, এতিয়া তেওঁ ইউ টাৰ্ণ লৈ ইয়াৰ বিৰোধিতা কৰিছে। চৰকাৰেও বিষয়টোক লৈ কৌশলী স্থিতি গ্ৰহণ কৰা বুলি সন্দেহ হৈছে। কিন্তু আমাৰ অধিকাৰ আমাক লাগিবই, নহ'লে অসমত সমস্যাৰ সৃষ্টি হ'ব।'

ওদালগুৰিৰ সোনাপানিত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা টুচু পূজা তথা ভোগালী বিহু উদযাপনৰ মুকলি সভাত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে সঞ্জয় তাঁতীয়ে।

ইফালে, ওদালগুৰি জিলা আছাৰ উপ-সভাপতি খগেন তাঁতীয়ে টুচু পৰ্বটি ভোগালী বিহুৰ দৰে সমগ্ৰ অসমতে পালন কৰিবলৈ আদিবাসী ৰাইজক আহ্বান জনায়। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তেওঁ কয়- 'কোনো দল বা ৰাজনৈতিক সংগঠনে ইয়াৰ বিৰুদ্ধাচৰন কৰা অনুচিত। কিয়নো এই জনগোষ্ঠী কেইটাৰ জনজাতিকৰণ ন্যায্য অধিকাৰ। তেওঁলোকক এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা কাৰ্য সমৰ্থন কৰাতো কাৰো বাবে গ্ৰহণযোগ্য হ'ব নালাগে।' তেওঁ লগতে ট্ৰাইবেল সংঘক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।